ৰঙিয়া : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অৱশ্যে এতিয়াও নিৰ্বাচনৰ বাবে কোনো দিন-তাৰিখ ঘোষণা কৰা হোৱা নাই । কিন্তু তাৰ মাজতে একপ্ৰকাৰ যেন নিৰ্বাচনৰ বাবে সাজু বি টি এ ডিৰ শাসনাধিষ্ঠিত ইউ পি পি এল । এই কথা প্ৰকাশ পাইছে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৰ ভাষ্যত ।
সোমবাৰে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৱে কয়, "নিৰ্বাচনৰ বাবে কথা পাতিবলৈ সময় আছে । এনেইতো ডিচেম্বৰত চৰকাৰৰ টাৰ্মছটো শেষ হয় । কিন্তু ইয়াৰ আগে-পিছে কোনবা সময়ত নিৰ্বাচন যদি হয়ো তেতিয়াও আমি সাজু আছোঁ । যোৱা চাৰিটা বছৰত মূল মূল বিষয়বোৰৰ ওপৰত আমি ইতিমধ্যে কাম কৰিলোঁ । শান্তি আহিল বিটিআৰ অঞ্চলত । সকলোৱে নিৰাপত্তা পালে । এটা ভাল বাতাৱৰণ আহিল ।"
তেওঁ লগতে কয়, "এইটো সময়ত যিটো নিৰ্বাচন আহিব সেইটো এটা সুস্থ পৰিৱেশত হ'ব । আগৰ সময়ত বন্দুক-বাৰুদ, অসপ ভয়-ভাবুকিত নিৰ্বাচনবিলাক হৈছিল । আজিৰ তাৰিখত গণতন্ত্ৰ শক্তিশালী হ'ল । গতিকে ভাল পৰিৱেশত নিৰ্বাচন হ'ব । সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।"
লগতে পঢ়ক :কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDYলগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLS