টীয়ক : চোতালত ভোগৰ উৎসৱ ভোগালী । সকলো ব্যস্ত ভোগালীক আদৰাত । এয়া টীয়কৰ কাকজান দুলীয়াগাঁৱৰ এখন বিশেষ আখলৰ পৰিৱেশ । ৰূপাজ্যোতি বৰা নামৰ এগৰাকী উদ্যোগী মহিলাই আজিৰে পৰা কিছু বছৰ পূৰ্বে গাঁৱৰে কেইবাগৰাকীও মহিলাক লৈ আৰম্ভ কৰিছিল থলুৱা পিঠা প্ৰস্তুতৰ এক ব্যৱস্থা ।
বৰ্তমান এই ব্যৱস্থা উদ্যোগত পৰিণত হৈছে । এইবাৰ বিহু বুলি লক্ষাধিক পিঠা প্ৰস্তুত কৰি টীয়ক, যোৰহাট, শিৱসাগৰ আদি স্থানলৈ প্ৰেৰণ কৰিছে । প্ৰায় ১০-১৫ এগৰাকী মহিলাই দিনে-নিশাই তিল পিঠা, ঘিলা পিঠা, পাটি চেপ্টা, নাৰিকলৰ লাড়ু আদি প্ৰস্তুতত ব্যস্ত সকলো ।
উদ্যোগী মহিলা ৰূপাজ্যোতি বৰাই কয়, "বৰ্তমান কেঁচা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে পিঠাৰ বজাৰখনত । হিতাধিকাৰী সৃষ্টিৰ বাবে বৰ্তমান কাম অথবা খেতি কৰাৰ প্ৰৱণতা কমি যোৱাৰ বাবে বজাৰত থলুৱা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে । এইটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় ।"
সেয়ে বিনামূলীয়া আঁচনিৰ পাছত নদৌৰি তথা হিতাধিকাৰী হোৱাতকৈ কৰ্মসংস্কৃতি গঢ়ি সমূহ ৰাইজক নিজৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ মহিলাই ।
লগতে পঢ়ক :মাছৰ সোমবাৰ ! কেৱল মাছ আৰু মাছ... ক'ত ওলাল কিমান ওজনৰ ? - URUKA FISH MARKET ASSAMলগতে পঢ়ক :তেজপুৰত আবাল-বৃদ্ধ-বণিতাৰ লগে-ভাগে উৰুকাৰ এসাঁজ: ৪৫ কেজি ওজনৰ বাহু বিশেষ আকৰ্ষণ - MAGH BIHU 2025