নলবাৰী : কাইলৈ মাঘ বিহুৰ উৰুকা । ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত । সকলোৱে ব্য়স্ত হৈছে নাৰিকল,তিলৰ লাড়ু-পিঠা প্ৰস্তুত কৰাত । সমান্তৰালভাৱে থলুৱা উদ্যোগত প্ৰস্তুত কৰা এইবোৰ সামগ্ৰী বজাৰত মেলি দিছে বিক্ৰীৰ বাবে ।
উৰুকাৰ প্ৰাকক্ষণত নলবাৰীৰ এটি ১২/১৫ জনীয়া মহিলাৰ দলে দিনে-নিশাই ব্যস্ত লাড়ু- পিঠা প্ৰস্তুত কৰাত । নলবাৰীৰ জেবি ফুড্ প্ৰডাক্ট নামৰ ক্ষুদ্ৰ উদ্যোগটোৰ মহিলাসকলে এতিয়া ভোগালীক আদৰাৰ আখলত ব্যস্ত । মূৰ তুলি চাবলৈ নাই আহৰি । কেৱল পিঠা আৰু লাড়ু বনাই সেইবোৰ বজাৰলৈ প্ৰেৰণৰ বাবে ব্য়স্ত হৈ পৰিছে ।
উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে এই প্ৰসংগত কয়,"ভোগালী বিহু বুলি ইতিমধ্যে হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছো । হাজাৰ হাজাৰ লাড়ু পিঠাৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছো । উদ্যোগটোত ১৫ গৰাকী মহিলাই এইসমূহ খাদ্য প্ৰস্তুত কৰিছে ।" ভোগালীত তেওঁলোকে এইবাৰ প্ৰায় ১০ লাখ টকাৰ লাড়ু-পিঠা আদি প্ৰস্তুত কৰা বুলি কয় উদ্যোগটোৰ স্বত্বাধিকাৰীগৰাকীয়ে । উৎপাদিত সামগ্ৰী সমূহ নলবাৰীৰ লগতে পাৰ্শ্চৱৰ্তী ৰঙিয়া, মহানগৰীৰ খানাপাৰা ,দীঘলীপুখুৰীৰ বজাৰত তেওঁলোকে এইবোৰ বিক্ৰী কৰিছে ।
লগতে পঢ়ক:মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025
বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR